Monday, October 19, 2009


বাহীঁৰ সুৰ তোলা ছোৱালীজনী
.............গৌতম কলিতা..............

 
তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
তোৰ লাহী আঙুলিৰ উচুপণিত
গভীৰ বিষাদ লৈ এখিলা এখিলাকৈ
গছ-বিৰিখৰ পৰা সৰি পৰে পাত
চিৰিলি কৃষ্ণচূড়াৰ তলত অহৰহ বৈ থাকে
চকুলোৰ অনল নদী

তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
তোৰ লাহী আঙুলিৰ উচুপণিত
লূণীয়া সাগৰ বৰফৰ বিষাদেৰে ভৰি পৰে
মৰা মাছৰ ঢেলা চকুত উপঙি থাকে বিষাদবোৰ
জোনাকে উচুপি উচুপি কান্দে
সাৰে থাকে সেমেকা ৰাতিৰ দিঘলীপুখুৰী

তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
সুখ নে দুখৰ...
জীৱন নে মৃত্যুৰ...
প্ৰেম নে প্ৰতাৰণাৰ..

নুতুলিবি তোৰ লাহী আঙুলিত সুৰৰ উচুপণি
নুসুনাবি তোৰ মৃত্যুৰ ধ্বনি
নেমাতিবি তোৰ উচুপণিৰ ধুমুহাজাকক....
তোৰ উচুপণিৰ ধুমুহাজাকে মোক
মৃত্যুৰ কাষলৈ উৰুৱায় লৈ যায়
কাৰণ, ধুমুহাৰ সতে মোৰ বহুযুগৰে শত্ৰুতা






Tuesday, October 6, 2009

মৃত প্ৰেম

তেওঁ চিঙি লৈ গ'ল মোৰ হৃদয়ত
ফুলিবলৈ লোৱা ৰঙা গোলাপ পাহঁ
আগভেটি ধৰিব খোজা ঘন কোরলিৰ চায়াসনা
বাটচোঁরা নিৰৱতাত হাত বুলাই জোনাকে
প্ৰসাৰিত কৰিছিল ঘন ঘন আঙুলি..
এতিয়া...
ৰ'দবোৰ বিষাদ বিষাদ গোন্ধাইছে
দূপৰীয়াবোৰ হিংস্ৰ জন্ত্তৰ মাতেৰে
পাক খাই মোৰ হৃদয়ৰ খিৰিকীৰ মুখত ভিৰ কৰিছেহি
সিহঁতৰ সৈতে মই প্ৰাণ খুলি হাহিঁম..
হয়তো উচুপি উচুপি কান্দিম
চুম্বন কৰিম সিহঁতৰ মুখত থকা মৃত প্ৰেমৰ গোন্ধক...

সেমেকা বতাহ এজাকে মোৰ বুকুৰ ভিতৰখন কপাঁইছে
স্মৃতিৰ ধূলিত লুতুৰি মোৰ প্ৰেম
বতাহত বিলিন মোৰ শ্বাস প্ৰশ্বাসৰ আদিম বৰ্ণ

ওঠঁত ওঠঁ থৈ ইয়াতেই বাৰ্তালাপ কৰো মই
মৃত প্ৰেমৰ সৈতে......

..................গৌতম কলিতা................

Monday, October 5, 2009


 দুখ আৰু অপৰাধ


তুমি এৰি থৈ যোরা বাটত এতিয়া দুখৰ বৰষুণ
কবিতাৰ ভাষাৰে যদি মনত পেলাও
অশ্লিল হৈ পৰিব পাৰে প্ৰতিশ্ৰুতিবোৰ, হৃদয়ৰ ভাষাবোৰ
জোনাকবোৰ ইত্যাদি, ইত্যাদি....
তুমিয়ে কোরাচোন...
তোমাৰ হৃদয়ৰ কোনডাল ধমনিত প্ৰরেশ কৰিলে
ভালপোরাবোৰ নতুনকৈ আৰম্ভ হ'ব
হেপাঁহৰ কিমান বীজ হিছিঁলে ভালপোরাবোৰ বিশ্বাসলৈ পৰিণত হ'ব..
মাথো এডাল সাকোঁ গঢ়িছিঁলো ভালপোরাবোৰ যোৰা লগাবলৈ
হয়তো নেদেখা জনেও নাজানে তোমাৰ ভালপোরাৰ ৰং কি??

তোমাৰ স্মৃতিৰে এখন সুখৰ ডেরাল সাজিছিঁলো
কি কৰিম কোরা...
ঠেং ভঙা দুখে চুচৰি চুচৰি কুটি কুটি খহাই দিলে মোৰ সুখৰ ডেরাল
এতিয়া মই টোপনিহীন হৈ পৰিঁছো

মোৰ হেপাঁহৰ ৰংবোৰক তুমি যেনেকৈ তুমি এদিন হৰন কৰিছিলা
ঠিক তেনেকৈ মইও এদিন হৰন কৰিম তোমাৰ হেপাঁহৰ স্মৃতিবোৰ

মই তোমাক আমনি কৰিম তেতিয়ালৈকে...
যেতিয়ালৈকে তুমি পঠিয়ায় নিদিয়া
সূৰোঁযৰ সকলো পোহৰ
সন্ধিয়া আকাশৰ তৰাৰ তিৰবিৰণি
হেৰুরা গানৰ সুৰ
ঠিক তেতিয়ালৈকে

এতিয়া দুখ আৰু অপৰাধবোধৰ কাহিনীৰে পাৰ কৰিছো
বিয়লিৰ নিৰস সময়....
.
...........গৌতম কলিতা.........

প্ৰথম প্ৰেম

এন্ধাৰৰ মাজত কিমান থাকিম
ডাৱৰে ক'লে, তুমি মই এনিশা
জোনাকৰ লগত বহি
প্ৰথম প্ৰেমৰ কথা পাতিম....

নঙলামুখৰ শেৱালীজোপাত
নিয়ৰে বহি মালা গুঠিছে
মোৰ ডিঙিত পিন্ধাই ক'লে
আহিন তোমাৰ বুকুলৈ
আগতিয়াকৈ আহিছে...

শালিধানৰ থোকবোৰ চুবই নোৱাৰি
দুষ্ট ফৰিংটোৰ ইমান আমনি
পাতল কুৱলীজাকে বুকুত বিন্ধি ক'লে
প্ৰথম প্ৰেম পাহৰিব নোৱাৰি.....

.............................................................................................
প্ৰথম প্ৰেম II

কৃষ্ণচূড়াৰ ফেৰেঙণিত বহি
বাহীঁৰ সুৰ এটা হৈ যেতিয়া
তোমাক ৰিঙিয়াই মাতিছিলো....
জোনাকক হাতত লৈ তুমি
আহিছিলা মোৰ কাষলৈ....


আকাশৰ মাজেদি জুমি চোৱা
মেঘ চপৰাক আতঁৰাই
জোনাকক হাতত ৰাখি তোমাক ভালপোৱাৰ
ভাব প্ৰকাশ কৰিছিল...


তোমাৰ কাজলসনা দুচকুৱে
মোৰ বুকুলৈ এচপৰা বিষাদ ছতিয়াই
এখন ভতিয়নী নাৱত গুছি গৈছিলা....

এতিয়া বুকুত এন্ধাৰে বাহঁ সাজিছে
চকুপানীবোৰ তেজ হৈ