Monday, August 29, 2011

প্ৰেম – প্ৰেম বুলি জগত ঘুৰিলো....


মৰমৰ মৌ

মৰম লবি। আশা কৰো নেদেখাজনৰ কৃপাত ঘৰৰ সকলোৰে মঙ্গল। বহুত কথাই মনত বুৰবুৰনি তুলি থাকে। সেইবাবেই আজি তোলৈ এই চিঠিখন লিখিলো। তই জান’, চিঠিত সকলো কথা লিখাতো সম্ভব নহয়।

মৌ, তোক চাবলৈ অহা কথাটো আইয়ে মোক জনাইছিল। আইয়ে কৈছিল ল’ৰাজনৰ স্বভাৱ-চৰিত্ৰ খুব ভাল। পৰিয়ালৰ লগতে টকা-গাড়ী-ঘৰ বেংক বেলেঞ্চ সকলো আছে। আই বোপাইৰ কাৰণে ইয়াতকৈ আৰু সুখৰ কথা কি হব পাৰে। মৌ, তই সচাকৈ বৰ সৌভাগ্যৱতী। দুখৰ জীৱন তই আৰু কটাব নালাগে। বিয়াৰ পিছত গা ধাকিবলৈ এযোৰ কাপোৰৰ বাবে তই আৰু হুকহুকাই কান্দিব নালাগে। মৌ, তই পৃথিবীৰ আটাইতকৈ সুখী মানুহজনী হোৱাতো মই কামনা কৰো। তাৰবাবে নেদেখাজনৰ ওচৰত মই সদায় প্রার্থনা কৰিম।

আচলতে কি জান’ মৌ, মইও জনা নাছিলো তোৰ-মোৰ মাজৰ সম্বন্ধটোৰ নাম কি । কিন্ত্ত যেতিয়া গম পালো বহুত দেৰি হৈ গ’ল। তথাপিও মনৰ কথাবোৰ মনত লৈ কষ্ট পোৱাতকৈ তোক কৈ দিয়াই ভাল বুলি ভাবিলো।

প্ৰেম প্ৰেম বুলি জগত ঘুৰিলো, কিন্ত্ত প্ৰেম মোৰ পিৰালিৰ কাষতে আছিল অথচ মই গম নাপালো। অকনমান ৰঙা ৰঙে যে তোক মোৰ পৰা বহু দূৰলৈ লৈ যাব, মই জনাই নাছিলো। কথাষাৰ ভাবিলেই বৰ কিবা লাগে অ’। বৰ অসহায়বোধ কৰিছো আজি। কি কৰিম কি নকৰিম ভাবিব পৰা নাই। যাত্ৰাপথৰ মাজভাগত ৰৈ যোৱা গড়ী এখনৰ দৰে মইও ৰৈ গলো জীৱনৰ মাজভাগত। বুকখন দুৰু দুৰুকৈ কপিছে মৌ। ভয় নে লাজত, হর্ষ নে বিষাদত মই ঠিক ধৰিব পৰা নাই।

আজি মোৰ বাইছবছৰীয়া জীবনৰ আটাইতকৈ দুখৰ দিনতো আকাশখনে খিৰিকীৰ ফাকেঁৰে প্ৰত্যক্ষ কৰিছিল । জীৱনৰ ৰং বুটলি ফুৰোতেই দুখৰ বীজ এটাও আহি যে বুকুত সোমাবহি সেইকথা কাহানিও ভবা নাছিলো। হয়তো বতাহৰ দৰে জীবনত আৰু কেতিয়াও স্বাধীন হ’ব নোৱাৰিম। সম্পূর্ণ পূথিবীৰ আজি অসম্পূর্ণ মই। তথাপিও সুখী মই, কাৰণ মৌ তই যে সুখী।

তোৰ দুই ওঠঁৰ গুণগুণনিয়ে মোক অলপ আমনি কৰিব। টোপ টোপ দুখৰ ৰং দুচকুত বাগৰি থাকিব। কোনোপ্ৰকাৰে সুখী হ’ব নোৱাৰিলেও মই সুখী হোৱাৰ অনুশীলন কৰিম(ভিতৰৰ পৰা যে মানুহটো মই এশ শতাংশই অসুখী, সেইকথা তোক কাহানিও নকও)।

লাহে লাহে মনটো গধুৰ হৈ আহিছে। বেছি নিলিখো মৌ। বিয়াৰ তাৰিখ ললে কথাষাৰ মোক জনাবি। আইক কবি মই কুশলে আছো। নিজৰ খোৱা-বোৱাৰ যত্ন লবি। আজিলৈ এৰিলো।

ইতি
পপীয়া তৰা চিঙিবলৈ যোৱা গাৱলীয়া সেই অচিনাকী ল’ৰাটো।

Sunday, July 24, 2011

নীলা খামৰ চিঠি..


মৰমৰ মৌ...


মৰম ল'বি.
আশা কৰো নেদেখাজনৰ কৃপাত সকলো কুশলে আছ.
কোনোদিনেই নকও বুলি ভবা কথাবোৰ আজি তোক কম বুলিয়ে চিঠিখন লিখিছো.
মই জোনো চিঠিখন পঢ়ি তই হাহিঁ দিবি, কাৰণ শব্দৰ ভূলবোৰ মই আজিও শুধৰাব নোৱিৰিলোঁ.


ক'ৰপৰা আৰম্ভ কৰো ধৰিবই পৰা নাই অ'.
তিনিটা শব্দ বুকুত লৈ যোৱা ত্ৰিচবছৰ এনেকৈয়ে আছো. বৰ কষ্ট, বৰ কষ্ট অ'.
তইটো জান', ভালপোৱা কথাবোৰটো আৰু আনক ক'ব নোৱাৰি.


মৌ,
আজি তোক ভালপোৱাৰ কথাবোৰ ক'ব মন গৈছে. অ' কেৱল তোক ক'বৰ মন গৈছে.


তই বুকুত মেঠনি মাৰিবলৈ নিশিকাৰ পৰাই তোক মই ভাল পাবলৈ শিকিলো.
লুকাভাকু খেলা দিনৰে পৰা তোক ভাল পাবলৈ শিকিলো.
হযতো যোৱা বাইশবছৰে মই তোকে ভালপাই আহিছো.


এটা কথা কি জান মৌ,
ৰজা ৰাণীৰ সপোন দেখো ৰাতি ৰাতি, হয়তো সৰুতে ৰজা ৰাণী খেলাতো মোৰ ভূল আছিল.


বাৰু যিহওক, মনৰ কথাটো ক'লো ক'লো আৰু. কোৱাৰ বাবে যদি বেয়া পাৱ তথাপিও চিঠিৰ উত্তৰ দিবলৈ নাপাহৰিবি. আৰু এইটো কথাই যাতে আমাৰ সম্ভন্ধটোত কোনো প্ৰভাব নেপেলায় তাৰ প্ৰতি চকু ৰাখিবি.


চিঠিখন পঢ়ি তই হাহিঁবলৈ নাপাহৰিবি.
আজিলৈ এৰিলো
ভালে থাকিবি.


ইতিত
পপীয়া তৰা চিঙিবলৈ যোৱা গা'ৱলীয়া সেই অচিনাকী ল'ৰাটো.