Monday, October 19, 2009


বাহীঁৰ সুৰ তোলা ছোৱালীজনী
.............গৌতম কলিতা..............

 
তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
তোৰ লাহী আঙুলিৰ উচুপণিত
গভীৰ বিষাদ লৈ এখিলা এখিলাকৈ
গছ-বিৰিখৰ পৰা সৰি পৰে পাত
চিৰিলি কৃষ্ণচূড়াৰ তলত অহৰহ বৈ থাকে
চকুলোৰ অনল নদী

তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
তোৰ লাহী আঙুলিৰ উচুপণিত
লূণীয়া সাগৰ বৰফৰ বিষাদেৰে ভৰি পৰে
মৰা মাছৰ ঢেলা চকুত উপঙি থাকে বিষাদবোৰ
জোনাকে উচুপি উচুপি কান্দে
সাৰে থাকে সেমেকা ৰাতিৰ দিঘলীপুখুৰী

তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
সুখ নে দুখৰ...
জীৱন নে মৃত্যুৰ...
প্ৰেম নে প্ৰতাৰণাৰ..

নুতুলিবি তোৰ লাহী আঙুলিত সুৰৰ উচুপণি
নুসুনাবি তোৰ মৃত্যুৰ ধ্বনি
নেমাতিবি তোৰ উচুপণিৰ ধুমুহাজাকক....
তোৰ উচুপণিৰ ধুমুহাজাকে মোক
মৃত্যুৰ কাষলৈ উৰুৱায় লৈ যায়
কাৰণ, ধুমুহাৰ সতে মোৰ বহুযুগৰে শত্ৰুতা






No comments:

Post a Comment