Monday, August 29, 2011

প্ৰেম – প্ৰেম বুলি জগত ঘুৰিলো....


মৰমৰ মৌ

মৰম লবি। আশা কৰো নেদেখাজনৰ কৃপাত ঘৰৰ সকলোৰে মঙ্গল। বহুত কথাই মনত বুৰবুৰনি তুলি থাকে। সেইবাবেই আজি তোলৈ এই চিঠিখন লিখিলো। তই জান’, চিঠিত সকলো কথা লিখাতো সম্ভব নহয়।

মৌ, তোক চাবলৈ অহা কথাটো আইয়ে মোক জনাইছিল। আইয়ে কৈছিল ল’ৰাজনৰ স্বভাৱ-চৰিত্ৰ খুব ভাল। পৰিয়ালৰ লগতে টকা-গাড়ী-ঘৰ বেংক বেলেঞ্চ সকলো আছে। আই বোপাইৰ কাৰণে ইয়াতকৈ আৰু সুখৰ কথা কি হব পাৰে। মৌ, তই সচাকৈ বৰ সৌভাগ্যৱতী। দুখৰ জীৱন তই আৰু কটাব নালাগে। বিয়াৰ পিছত গা ধাকিবলৈ এযোৰ কাপোৰৰ বাবে তই আৰু হুকহুকাই কান্দিব নালাগে। মৌ, তই পৃথিবীৰ আটাইতকৈ সুখী মানুহজনী হোৱাতো মই কামনা কৰো। তাৰবাবে নেদেখাজনৰ ওচৰত মই সদায় প্রার্থনা কৰিম।

আচলতে কি জান’ মৌ, মইও জনা নাছিলো তোৰ-মোৰ মাজৰ সম্বন্ধটোৰ নাম কি । কিন্ত্ত যেতিয়া গম পালো বহুত দেৰি হৈ গ’ল। তথাপিও মনৰ কথাবোৰ মনত লৈ কষ্ট পোৱাতকৈ তোক কৈ দিয়াই ভাল বুলি ভাবিলো।

প্ৰেম প্ৰেম বুলি জগত ঘুৰিলো, কিন্ত্ত প্ৰেম মোৰ পিৰালিৰ কাষতে আছিল অথচ মই গম নাপালো। অকনমান ৰঙা ৰঙে যে তোক মোৰ পৰা বহু দূৰলৈ লৈ যাব, মই জনাই নাছিলো। কথাষাৰ ভাবিলেই বৰ কিবা লাগে অ’। বৰ অসহায়বোধ কৰিছো আজি। কি কৰিম কি নকৰিম ভাবিব পৰা নাই। যাত্ৰাপথৰ মাজভাগত ৰৈ যোৱা গড়ী এখনৰ দৰে মইও ৰৈ গলো জীৱনৰ মাজভাগত। বুকখন দুৰু দুৰুকৈ কপিছে মৌ। ভয় নে লাজত, হর্ষ নে বিষাদত মই ঠিক ধৰিব পৰা নাই।

আজি মোৰ বাইছবছৰীয়া জীবনৰ আটাইতকৈ দুখৰ দিনতো আকাশখনে খিৰিকীৰ ফাকেঁৰে প্ৰত্যক্ষ কৰিছিল । জীৱনৰ ৰং বুটলি ফুৰোতেই দুখৰ বীজ এটাও আহি যে বুকুত সোমাবহি সেইকথা কাহানিও ভবা নাছিলো। হয়তো বতাহৰ দৰে জীবনত আৰু কেতিয়াও স্বাধীন হ’ব নোৱাৰিম। সম্পূর্ণ পূথিবীৰ আজি অসম্পূর্ণ মই। তথাপিও সুখী মই, কাৰণ মৌ তই যে সুখী।

তোৰ দুই ওঠঁৰ গুণগুণনিয়ে মোক অলপ আমনি কৰিব। টোপ টোপ দুখৰ ৰং দুচকুত বাগৰি থাকিব। কোনোপ্ৰকাৰে সুখী হ’ব নোৱাৰিলেও মই সুখী হোৱাৰ অনুশীলন কৰিম(ভিতৰৰ পৰা যে মানুহটো মই এশ শতাংশই অসুখী, সেইকথা তোক কাহানিও নকও)।

লাহে লাহে মনটো গধুৰ হৈ আহিছে। বেছি নিলিখো মৌ। বিয়াৰ তাৰিখ ললে কথাষাৰ মোক জনাবি। আইক কবি মই কুশলে আছো। নিজৰ খোৱা-বোৱাৰ যত্ন লবি। আজিলৈ এৰিলো।

ইতি
পপীয়া তৰা চিঙিবলৈ যোৱা গাৱলীয়া সেই অচিনাকী ল’ৰাটো।

Sunday, July 24, 2011

নীলা খামৰ চিঠি..


মৰমৰ মৌ...


মৰম ল'বি.
আশা কৰো নেদেখাজনৰ কৃপাত সকলো কুশলে আছ.
কোনোদিনেই নকও বুলি ভবা কথাবোৰ আজি তোক কম বুলিয়ে চিঠিখন লিখিছো.
মই জোনো চিঠিখন পঢ়ি তই হাহিঁ দিবি, কাৰণ শব্দৰ ভূলবোৰ মই আজিও শুধৰাব নোৱিৰিলোঁ.


ক'ৰপৰা আৰম্ভ কৰো ধৰিবই পৰা নাই অ'.
তিনিটা শব্দ বুকুত লৈ যোৱা ত্ৰিচবছৰ এনেকৈয়ে আছো. বৰ কষ্ট, বৰ কষ্ট অ'.
তইটো জান', ভালপোৱা কথাবোৰটো আৰু আনক ক'ব নোৱাৰি.


মৌ,
আজি তোক ভালপোৱাৰ কথাবোৰ ক'ব মন গৈছে. অ' কেৱল তোক ক'বৰ মন গৈছে.


তই বুকুত মেঠনি মাৰিবলৈ নিশিকাৰ পৰাই তোক মই ভাল পাবলৈ শিকিলো.
লুকাভাকু খেলা দিনৰে পৰা তোক ভাল পাবলৈ শিকিলো.
হযতো যোৱা বাইশবছৰে মই তোকে ভালপাই আহিছো.


এটা কথা কি জান মৌ,
ৰজা ৰাণীৰ সপোন দেখো ৰাতি ৰাতি, হয়তো সৰুতে ৰজা ৰাণী খেলাতো মোৰ ভূল আছিল.


বাৰু যিহওক, মনৰ কথাটো ক'লো ক'লো আৰু. কোৱাৰ বাবে যদি বেয়া পাৱ তথাপিও চিঠিৰ উত্তৰ দিবলৈ নাপাহৰিবি. আৰু এইটো কথাই যাতে আমাৰ সম্ভন্ধটোত কোনো প্ৰভাব নেপেলায় তাৰ প্ৰতি চকু ৰাখিবি.


চিঠিখন পঢ়ি তই হাহিঁবলৈ নাপাহৰিবি.
আজিলৈ এৰিলো
ভালে থাকিবি.


ইতিত
পপীয়া তৰা চিঙিবলৈ যোৱা গা'ৱলীয়া সেই অচিনাকী ল'ৰাটো.

Tuesday, December 14, 2010







  • নীলাঞ্জনা 
কেতিয়া পিন্ধাম তোমাৰ অনামিকাত মোৰ  হৃদয় দুবৰিৰ আঙুঠি...



  • নীলাঞ্জনা 
তুমি হাহিঁলে সাগৰে পাহৰি যায় সাগৰৰ ঠিকনা..



  • নীলাঞ্জনা 
নীলাঞ্জনা, মোৰ বুকুৰ অৰণ্যৰ তুমি সেই হৰিণীজনী..



  • নীলাঞ্জনা  
নকবলগীয়া কথাবোৰ তোমাক ক'ব বিছাৰো..



  • নীলাঞ্জনা 
 মোৰ বুকুৰ শুৱনি কোঠাত তোমাৰ শব্দবোৰে ৰাতি ৰাতি ধেমালি খেলে...




  • নীলাঞ্জনা 
মোৰ কুৰিফুটীয়া বুকুত তুমিয়েই বাছিছিলা বহা'গৰ প্ৰথমখন গামোছা..



  • নীলাঞ্জনা 

                                                            বিধিৰ কি বিধান 
সময়ে মাতি যায় সকলোকে এবাৰ এবাৰ...


  • নীলাঞ্জনা 
মোৰ সপোনবোৰ পাৰিজাত ফুলৰ দৰে 
ৰাতি ফুলে..


  • নীলাঞ্জনা 
যি কথা কেতিয়াওঁ তোমাক কোৱা ন'হল
সেই কথা আজি নিজে নিজক কলো..


  • নীলাঞ্জনা 
হেপাহঁবোৰ উলমি আছে তোমাৰ স্মৃতিৰ উৰোনাত...


  • নীলাঞ্জনা 
তোমাৰ সপোনবোৰে মোৰ ভাৱনাপ্ৰদেশত সহবাস কৰে...


  • নীলাঞ্জনা  
তোমাৰ সুগন্ধি ৰ'দালীবোৰ মোৰ স্মৃতিৰ ৰুমালেৰ ঢাকি ৰাখিছো...


  • নীলাঞ্জনা 
নীলা চাদৰত সপোনবোৰ আকেঁ কোনে !!
~তুমি

সন্ধিয়াৰ কেকুৰীত মৰমৰ সুবাস বিলায় কোনে !!
~তুমি

শুৱনি কোঠাত প্ৰেমক মেৰিয়ায় ৰাখেঁ কোনে !1
~তুমি

প্ৰেমৰ বাটত প্ৰতাৰণাক বাধা দিব কোনে, মই নে তুমি !!
~আমি


  • নীলাঞ্জনা

আকাশত মেঘ এচটাই ফেকুৰি থকা দেখি 
সাগৰে সহবাস কৰিম বুলি ওৰেটো নিশা সাৰে আছিল. 
ঠিক তেতিয়াই তোমাক..

মই ক'লো-সন্ধিয়াৰ আকাশত কোনে ভূমুকি মাৰে..!!
তুমি কলা- তোমাৰ শব্দবোৰে..

মই ক'লো-দুটি নয়নত বালিঘৰ সাজে কোনে..!!!
তুমি কলা-তোমাৰ মৰমবোৰে..

মই ক'লো- কোনে তোমাৰ মন আকাশত ৰামধেনু আকেঁ..!!
তুমি কলা- তোমাৰ হাহিঁবোৰে..

মই ক'লো- তোমাৰ ভাৱনাপ্ৰদেশত প্ৰেমৰ কলপুলি পোতে কোনে..!!
তুমি কলা- আমাৰ সপোনবোৰে..



  • নীলাঞ্জনা

সেউজীয়া চাদৰ এখন মেৰিয়াই 
হাহিঁ এটা ওঠত পিন্ধি তুমি আহি আছিলা.
দীঘলকৈ উশাহ এটা টানি তোমাক

মই ক'লো-আকাশৰ পৰা তৰা এটি হৈ তোমাৰ বুকুলৈ নামি আহিম নে আজি..
তুমি ক'লা- ফুলক ফুলিবলৈ জানো কাৰোবাৰ অনুমতি লাগে..!!
আকাশখনে হাহিঁলে...

মই ক'লো-তোমাৰ বুকুৰ পৃষ্ঠাত প্ৰথমবাৰৰ বাবে প্ৰেমৰ তিনিটা শব্দ লিখিম নে আজি..
তুমি ক'লা-চতৰ বতাহজাকত প্ৰথমবাৰৰ বাবে হৃদয় কপিছে আজি..!!
সময়ে বাগৰ সলালে..

মই ক'লো- দুচকুত উলমি থকা সাগৰ দুখনত সামুক বুটলিম নে আজি..
তুমি ক'লা-ভাৱনাবোৰ পুহি ৰখা সন্ধিয়াটোত জোনাক ফুলিব আজি..
সাগৰে প্ৰমৰ গীত জুৰিলে..



                                                       


                                                         নীলাঞ্জনা

                                            সপোন তেতিয়া দেখিবা নীলাঞ্জনা
                                            যেতিয়া হৃদয় নামৰ হৃদয়খন 
                                            এদিন হৃদয়ৰ গলিত হেৰাই যাব..
                                         
                                            সপোন তেতিয়া দেখিবা, 
                                            যেতিয়া মনআকাশত এদিন হুমুনিয়াহবোৰ উলমি থাকিব..
                                         
                                            সপোন তেতিয়া দেখিবা, 
                                            যেতিয়া সম্পূৰ্ণ পৃথিৱীত এদিন অসম্পূৰ্ণ হৈ ৰবা তুমি..
        
                                            সপোন তেতিয়া দেখিবা, 
                                            যেতিয়া প্ৰেমৰ আপেলবোৰ এদিন অপ্ৰেমৰ পুখুৰিত সৰি পৰিব..

                                            সেইদিনা হয়তো নীলাঞ্জনা
                                            তুমি মুখেৰে নকলেও মনেৰে ক'বা..
                                            তোমালৈ বৰকৈ মনত পৰিছে আজি...

Thursday, July 22, 2010


Mur xobodor xaarothi tumi neelanjona

টুকুৰা কবিতা



সাগৰৰ দৰে গভীৰ তোমাৰ নীলা দুচকুত
দেখা পাইছিলো অমূল্য মানিক
কিন্ত্ত, মোৰেই দুৰ্ভাগ্য
আজি সাগৰো সোকাল, মানিকো লোকাল…

আকাশ যদিও শুৱনি
তাত আছে মেঘৰ গাজনি
প্ৰেম যদিও মধুৰ
হিয়াত আছে বেদনা গধুৰ
জীৱন যদিও মধুৰ
ইয়াত আছে বিৰহ বেদনা অধিক….
কঠিন শিলাখণ্ডৰ মাজৰ মোৰ
নিস্ফাক হৃদয়ৰ বিলয় কোনে বুজিব
যাক সাপে কামোৰা নাই
সি বিষ কি বুজিব…..



মোৰ বাগিছাত ফুল হৈ ফুলিলা
মোৰ পদূলিত জোনাক হৈ নামিলা
ভালপোৱা ৰঙৰ কবিতা সিচিঁলা
অজানিতে কিয় মোৰ ডেউকা ভাঙিলা….



সিফালৰ শূন্যতাত ভাহি ৰলা তুমি
টানি ল’লা তোমাৰ ওৰনিখনি
বুকুখন এবাৰ চুই চালো
ভিতৰত প্ৰেমৰ অচিন ধপধপনি



তুমি এটা মিঠা ৰদালিৰ সুৱাস লৈ
আহিছিলা মোৰ কাষলৈ
মই হুমুনিয়াহৰ পাত বিচাৰি ফুৰিছিলো তোমাক
তুমি উঠিব দিছিলা এটা প্ৰেমৰ জখলাত
য’ত মই এখোপ উঠি দুখুপ পিচলি পৰিছিঁলো…

Gautam Kalita

........................................

নীলাঞ্জনা

তুমি নীলা হৈ মোক নীলা কৰি তুলিলা




হেলনীয়া আকাশৰ চিৰিয়েদি নীলা হৈ নামি আহিছিলা তুমি
অ-প্ৰেমৰ বুকুত মেলি দিছিলা এটা প্ৰেমৰ ছাতি
যি ছাতি কৃষ্ণই ১৬০০ গোপীনিৰ হৃদয় বৃন্দাবনত
আজিও বিছাৰি পোৱা নাছিল….

সপোন নিলগীৰিত ৰূপালী সপোনৰ বাহঁ সাজিছিলা তুমি
গহণা পিন্ধা ৰদালী হৈ বুকুৰ তাতঁত বাছিছিলা এপাহ নীলা ফুল
যি পাহ স্বৰ্গৰ দেৱতাৰ বুকুত মেনকাই
বাৰমাহে বাছিব পৰা নাছিল…

জোনাকী সন্ধিয়াত জিঞা পাখিৰ দৰে উৰিছিলা তুমি
হৃদয় কেনভাছত প্ৰেমৰ কুৱলিঁ সানি আকিছিলা এটি হাহিঁ
যি হাহিঁ দেখি লিঅ’নাৰ্ড ডা ভিঞ্চিয়ে মনালিছাক
হহুৱাম বুলিও হহুৱাব পৰা নাছিল….


নীলাঞ্ছনা…
তুমি নীলা হৈ মোক নীলা কৰি তুলিলা..
বুকুৰ ঢোলত প্ৰেমৰ গামোছা বান্ধিলা
ভাৱনাপ্ৰদেশত নীলাফুলীয়া হাহিঁ মাৰি সহবাস কৰিলা
হৃদয়ৰ এঢলীয়াত তুমিয়েই খাজ কাটি প্ৰেমৰ খেতি কৰিলা..

নীলাঞ্ছনা নীলাঞ্ছনা নীলাঞ্ছনা


Gautam Kalita.

.............................................

তোক লৈ আৰু কবিতা নিলিখো



তোৰ বুকুৰ অমাৱষ্যা নিশাবোৰত
মইও বুকুৰ শলিতা পুৰি পুৰি পূৰ্ণীমা জোনৰ
দৰে উজলিব খুজিছিলো..
কিন্ত্ত, তোৰ প্ৰেমৰ আধাসৰীয়া ভাজবোৰ
যোৰা দিবলৈ মই ফাগুনৰ মলয়া ন’হলো
সেয়ে, তোক লৈ আৰু কবিতা নিলিখো…

মোৰ বুকুত বলা তোৰ বসন্তৰ বতাহবোৰ
মই আনক চুবলৈ নিদিওঁ..
মোৰ কলিজাতে ফুলি ফুলি মৰহি যাওক..
মোৰ ভাৱনা-প্ৰদেশত তোৰ নামৰ কলপুলি আৰু নুপোতো
সেয়ে, তোক লৈ আৰু কবিতা নিলিখো…

আহিব এদিন সপোন কোঁৱৰ তোৰ অনামিকাত ধৰিবলৈ
বহাগৰ এটা শুভদিনত তোৰ দেহাত
মাহ-হালধিয়ে উপচি পৰিব….
অকনমান ৰঙা ৰঙে তোক মোৰ পৰা
বহু দূৰলৈ আঁতৰাই লৈ যাব..

আনৰ দৰে বুকুৰ ঢাকনি খুলি
তোৰ বুকুৰ পিৰালিৰ চুকত মই কান্দিব নোঁৱাৰো
সেয়ে, তোক লৈ আৰু কবিতা নিলিখো...

Gautam Kalita.
..................................

বাহীঁৰ সুৰ তোলা ছোৱালীজনী


তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
তোৰ লাহী আঙুলিৰ উচুপণিত
গভীৰ বিষাদ লৈ এখিলা এখিলাকৈ
গছ-বিৰিখৰ পৰা সৰি পৰে পাত
চিৰিলি কৃষ্ণচূড়াৰ তলত অহৰহ বৈ থাকে
চকুলোৰ অনল নদী


তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
তোৰ লাহী আঙুলিৰ উচুপণিত
লূণীয়া সাগৰ বৰফৰ বিষাদেৰে ভৰি পৰে
মৰা মাছৰ ঢেলা চকুত উপঙি থাকে বিষাদবোৰ
জোনাকে উচুপি উচুপি কান্দে
সাৰে থাকে সেমেকা ৰাতিৰ দিঘলীপুখুৰী


তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
সুখ নে দুখৰ...
জীৱন নে মৃত্যুৰ...
প্ৰেম নে প্ৰতাৰণাৰ..


নুতুলিবি তোৰ লাহী আঙুলিত সুৰৰ উচুপণি
নুসুনাবি তোৰ মৃত্যুৰ ধ্বনি
নেমাতিবি তোৰ উচুপণিৰ ধুমুহাজাকক....
তোৰ উচুপণিৰ ধুমুহাজাকে মোক
মৃত্যুৰ কাষলৈ উৰুৱায় লৈ যায়
কাৰণ, ধুমুহাৰ সতে মোৰ বহুযুগৰে শত্ৰুতা..

Gautam Kalita.
...................................

মৃত প্ৰেম



তেওঁ চিঙি লৈ গ'ল মোৰ হৃদয়ত
ফুলিবলৈ লোৱা ৰঙা গোলাপ পাহঁ
আগভেটি ধৰিব খোজা ঘন কোরলিৰ চায়াসনা
বাটচোঁরা নিৰৱতাত হাত বুলাই জোনাকে
প্ৰসাৰিত কৰিছিল ঘন ঘন আঙুলি..


এতিয়া...
ৰ'দবোৰ বিষাদ বিষাদ গোন্ধাইছে
দূপৰীয়াবোৰ হিংস্ৰ জন্ত্তৰ মাতেৰে
পাক খাই মোৰ হৃদয়ৰ খিৰিকীৰ মুখত ভিৰ কৰিছেহি
সিহঁতৰ সৈতে মই প্ৰাণ খুলি হাহিঁম..
হয়তো উচুপি উচুপি কান্দিম
চুম্বন কৰিম সিহঁতৰ মুখত থকা মৃত প্ৰেমৰ গোন্ধক...


সেমেকা বতাহ এজাকে মোৰ বুকুৰ ভিতৰখন কপাঁইছে
স্মৃতিৰ ধূলিত লুতুৰি মোৰ প্ৰেম
বতাহত বিলিন মোৰ শ্বাস প্ৰশ্বাসৰ আদিম বৰ্ণ
ওঠঁত ওঠঁ থৈ ইয়াতেই বাৰ্তালাপ কৰো মই
মৃত প্ৰেমৰ সৈতে......

Gautam Kalita

দুখ আৰু অপৰাধ


তুমি এৰি থৈ যোরা বাটত এতিয়া দুখৰ বৰষুণ
কবিতাৰ ভাষাৰে যদি মনত পেলাও
অশ্লিল হৈ পৰিব পাৰে প্ৰতিশ্ৰুতিবোৰ, হৃদয়ৰ ভাষাবোৰ
জোনাকবোৰ ইত্যাদি, ইত্যাদি....
তুমিয়ে কোরাচোন...
তোমাৰ হৃদয়ৰ কোনডাল ধমনিত প্ৰরেশ কৰিলে
ভালপোরাবোৰ নতুনকৈ আৰম্ভ হ'ব
হেপাঁহৰ কিমান বীজ হিছিঁলে ভালপোরাবোৰ বিশ্বাসলৈ পৰিণত হ'ব..
মাথো এডাল সাকোঁ গঢ়িছিঁলো ভালপোরাবোৰ যোৰা লগাবলৈ
হয়তো নেদেখা জনেও নাজানে তোমাৰ ভালপোরাৰ ৰং কি??


তোমাৰ স্মৃতিৰে এখন সুখৰ ডেরাল সাজিছিঁলো
কিন্তু কি কৰিম
ঠেং ভঙা দুখে চুচৰি চুচৰি কুটি কুটি খহাই দিলে মোৰ সুখৰ ডেরাল


এতিয়া মই টোপনিহীন হৈ পৰিঁছো
মোৰ হেপাঁহৰ ৰংবোৰক তুমি যেনেকৈ তুমি এদিন হৰন কৰিছিলা
ঠিক তেনেকৈ মইও এদিন হৰন কৰিম তোমাৰ হেপাঁহৰ স্মৃতিবোৰ


মই তোমাক আমনি কৰিম তেতিয়ালৈকে...
যেতিয়ালৈকে তুমি পঠিয়ায় নিদিয়া
সূৰোঁযৰ সকলো পোহৰ
সন্ধিয়া আকাশৰ তৰাৰ তিৰবিৰণি
হেৰুরা গানৰ সুৰ
ঠিক তেতিয়ালৈকে
এতিয়া দুখ আৰু অপৰাধবোধৰ কাহিনীৰে পাৰ কৰিছো
বিয়লিৰ নিৰস সময়....


Gautam Kalita
..........................................

দেউতা

বিধিৰ কি বিধান
সময়ে মাতি যায় সকলোকে এবাৰ এবাৰ



অচিনাকী এখন ৰথত উঠি তুমি গ’লাগৈ গুছি
এৰি থৈ গ’লা মাথো সোৱঁৰণি নামৰ এখিলা পাত
সময় তোমাৰ কাষত নাছিল নে
তুমি সময়ৰ
কথাষাৰ ভাবি মইও আজি সময়ৰ পকনিয়াত....



নীলগ্ৰীষ্মৰ এটি দূপৰীয়া, সেই কালিকা লগা বতাহজাকে
তুমি নথকাৰ খবৰ দি গৈছিল
মোৰ বুকুৰ পাতবোৰ ঠক্ ঠক্ কৈ কপিঁছিল
যেন শীতাৰ্ত নিশাবোৰহে বুকুলৈ নামিছিল..





তোমাৰ সূৱদী কঠ্ন নিগৰিবলৈ
চকুৰ উজ্জ্বলতা বিছাৰিবলৈ
খোজৰ শব্দ শুনিবলৈ
এতিয়া মই যাব লাগে সপোন দেশলৈ...



তোমাৰ নামতেই জলাওঁ শলিতা
তোমাকেই ভাৱি পাৰ কৰো শীতাৰ্ত সন্ধিয়া
তোমাৰ নামতেই লিখিছো কবিতা
তুমি যতেই আছা সদায় কুশলে থাকা
নেদেখাজনৰ ওচৰত মোৰ তাৰেই কামনা…





কবিতা কবিতা কবিতা



কবিতা কবিতা কবিতা
কেৱল কবিতা
কাৰোবাক লগ পালেই কবিতা
মাথো যতেই যাও তাতেই কবিতা
চাল্লা, আধাপাগলচব কৰবাৰ…



ইহতৰ পৰা পৃথিৱীত একো বস্ত্তৱেই
মুক্ত মনেৰে থাকিব নোৱাৰা হ’ল..
কৰ’বাত সৰা পাত এখিলা পৰিলেও কবিতা
কৃষ্ণছুড়া ৰঙা হৈ ফুলিলেও কবিতা
কি অদ্ভুত…..!!!



হেৰৌ. তঁহতৰ বাগিছাত ফুল ফলিব নোৱাৰা হ’ল
গাভৰুবোৰে চকুত কাজল সানিব নোৱাৰা হ’ল
আকাশ নীলা হবলৈ ভয় কৰা হ’ল…
আনকি বৰষুণজাকো বৰষুণ হৈ নামিব নোৱাৰা হ’ল
তহত আচলতে কবি নে কি….!!!!

কবিতা নামৰ বেমাৰটোৱে যে যেতিয়ায় তেতিয়ায়
তহতৰ মাজত উক্ দিয়ে…
কেলে, এই বেমাৰটোৰ কোনো দৰৱ বেজী নাই নেকি..!!!

Gautam Kalita.






Saturday, July 10, 2010

Neelanjona
Tumi nila hoi muk nila kori tulila

Heloniya aakakhor seriedi nila hoi naami aahisila tumi
A-premor bukut meli disila eta premor saati
Ji saati krishnai 1600 goopinir hriday brindabonot
Ajiu bisari pua naasil...



Xopun nilgirit rupaali xopunor baah xaajisila tumi
Gohona pindha rodali hoi bukur taatot baasisila epaah nila ful
Ji paah ful swargor debotaar bukut menokaai
Baaro maahe baasibo pora naasil....



Junaki xondhiyaat jiyaa paakhir dore urisila tumi
Hriday canvaasot premor kuwoli haani aakisila eti haahi
Ji haahi dekhi leonardo da vinci'e monalishak
Hohuwam buliu hohuwabo pora naasil..



Neelanjona
Tumi nila hoi muk nila kori tulila
Bukur dhoolot premor gaamusa bandhila
Vaabona prodexot nilafulia haahi maari xoxobaakh korila
Hridayar edholiyaat tumiyei khaaj kaati premor kheti korila..

Neelanjona neelanjona neelanjona

Gatuam Kalita
Copyright protected

Tuesday, February 2, 2010

Taik loi ahisil mur kolijaar xuwoni koothaloi...


Taik loi ahisil mur kolijaar xuwoni koothaloi...

Beliti'e jironi luwar xubidha bisari
Tai'r mon-fagunor bikhadbur nika koriboloi
Xeidina ahisil sotor prathamjaak borokhun..
Tai'r gulopiya dugalot pora toopalor sitikoni'e
Kopai tulisil mur hriday khiriki~~~

Joubon'e puroth kora tai'r hriday khonot
Pratham premor aakhoi futisil
Aru dhou boroniya bukur upotyokat
Xeujiya hahir potaka urisil...~~

Premor ful butoli mur koorifootiya bukut
Tai basisil bohagor prahtamkhon gamusa
Aru onamikat pindhaisil hriday duborir aanguthi...

Sotor ejaak mayaxona borokhune
Bikhador xomikoron xomadhan kori
Taik loi ahisil mur kolijaar xuwoni koothaloi...

Gautam Kalita
Copyright Protected

Monday, February 1, 2010


টুকুৰা কবিতা
সাগৰৰ দৰে গভীৰ তোমাৰ নীলা দুচকুত
দেখা পাইছিলো অমূল্য মানিক
কিন্ত্ত, মোৰেই দুৰ্ভাগ্য
আজি সাগৰো সোকাল, মানিকো লোকাল…

আকাশ যদিও শুৱনি
তাত আছে মেঘৰ গাজনি
প্ৰেম যদিও মধুৰ
হিয়াত আছে বেদনা গধুৰ
জীৱন যদিও মধুৰ
ইয়াত আছে বিৰহ বেদনা অধিক….

কঠিন শিলাখণ্ডৰ মাজৰ মোৰ
নিস্ফাক হৃদয়ৰ বিলয় কোনে বুজিব
যাক সাপে কামোৰা নাই
সি বিষ কি বুজিব…..

মোৰ বাগিছাত ফুল হৈ ফুলিলা
মোৰ পদূলিত জোনাক হৈ নামিলা
ভালপোৱা ৰঙৰ কবিতা সিচিঁলা
অজানিতে কিয় মোৰ ডেউকা ভাঙিলা….

সিফালৰ শূন্যতাত ভাহি ৰলা তুমি
টানি ল’লা তোমাৰ ওৰনিখনি
বুকুখন এবাৰ চুই চালো
ভিতৰত প্ৰেমৰ অচিন ধপধপনি


তুমি এটা মিঠা ৰদালিৰ সুৱাস লৈ
আহিছিলা মোৰ কাষলৈ
মই হুমুনিয়াহৰ পাত বিচাৰি ফুৰিছিলো তোমাক
তুমি উঠিব দিছিলা এটা প্ৰেমৰ জখলাত
য’ত মই এখোপ উঠি দুখুপ পিচলি পৰিছিঁলো…

গৌতম কলিতা