Thursday, July 22, 2010


Mur xobodor xaarothi tumi neelanjona

টুকুৰা কবিতা



সাগৰৰ দৰে গভীৰ তোমাৰ নীলা দুচকুত
দেখা পাইছিলো অমূল্য মানিক
কিন্ত্ত, মোৰেই দুৰ্ভাগ্য
আজি সাগৰো সোকাল, মানিকো লোকাল…

আকাশ যদিও শুৱনি
তাত আছে মেঘৰ গাজনি
প্ৰেম যদিও মধুৰ
হিয়াত আছে বেদনা গধুৰ
জীৱন যদিও মধুৰ
ইয়াত আছে বিৰহ বেদনা অধিক….
কঠিন শিলাখণ্ডৰ মাজৰ মোৰ
নিস্ফাক হৃদয়ৰ বিলয় কোনে বুজিব
যাক সাপে কামোৰা নাই
সি বিষ কি বুজিব…..



মোৰ বাগিছাত ফুল হৈ ফুলিলা
মোৰ পদূলিত জোনাক হৈ নামিলা
ভালপোৱা ৰঙৰ কবিতা সিচিঁলা
অজানিতে কিয় মোৰ ডেউকা ভাঙিলা….



সিফালৰ শূন্যতাত ভাহি ৰলা তুমি
টানি ল’লা তোমাৰ ওৰনিখনি
বুকুখন এবাৰ চুই চালো
ভিতৰত প্ৰেমৰ অচিন ধপধপনি



তুমি এটা মিঠা ৰদালিৰ সুৱাস লৈ
আহিছিলা মোৰ কাষলৈ
মই হুমুনিয়াহৰ পাত বিচাৰি ফুৰিছিলো তোমাক
তুমি উঠিব দিছিলা এটা প্ৰেমৰ জখলাত
য’ত মই এখোপ উঠি দুখুপ পিচলি পৰিছিঁলো…

Gautam Kalita

........................................

নীলাঞ্জনা

তুমি নীলা হৈ মোক নীলা কৰি তুলিলা




হেলনীয়া আকাশৰ চিৰিয়েদি নীলা হৈ নামি আহিছিলা তুমি
অ-প্ৰেমৰ বুকুত মেলি দিছিলা এটা প্ৰেমৰ ছাতি
যি ছাতি কৃষ্ণই ১৬০০ গোপীনিৰ হৃদয় বৃন্দাবনত
আজিও বিছাৰি পোৱা নাছিল….

সপোন নিলগীৰিত ৰূপালী সপোনৰ বাহঁ সাজিছিলা তুমি
গহণা পিন্ধা ৰদালী হৈ বুকুৰ তাতঁত বাছিছিলা এপাহ নীলা ফুল
যি পাহ স্বৰ্গৰ দেৱতাৰ বুকুত মেনকাই
বাৰমাহে বাছিব পৰা নাছিল…

জোনাকী সন্ধিয়াত জিঞা পাখিৰ দৰে উৰিছিলা তুমি
হৃদয় কেনভাছত প্ৰেমৰ কুৱলিঁ সানি আকিছিলা এটি হাহিঁ
যি হাহিঁ দেখি লিঅ’নাৰ্ড ডা ভিঞ্চিয়ে মনালিছাক
হহুৱাম বুলিও হহুৱাব পৰা নাছিল….


নীলাঞ্ছনা…
তুমি নীলা হৈ মোক নীলা কৰি তুলিলা..
বুকুৰ ঢোলত প্ৰেমৰ গামোছা বান্ধিলা
ভাৱনাপ্ৰদেশত নীলাফুলীয়া হাহিঁ মাৰি সহবাস কৰিলা
হৃদয়ৰ এঢলীয়াত তুমিয়েই খাজ কাটি প্ৰেমৰ খেতি কৰিলা..

নীলাঞ্ছনা নীলাঞ্ছনা নীলাঞ্ছনা


Gautam Kalita.

.............................................

তোক লৈ আৰু কবিতা নিলিখো



তোৰ বুকুৰ অমাৱষ্যা নিশাবোৰত
মইও বুকুৰ শলিতা পুৰি পুৰি পূৰ্ণীমা জোনৰ
দৰে উজলিব খুজিছিলো..
কিন্ত্ত, তোৰ প্ৰেমৰ আধাসৰীয়া ভাজবোৰ
যোৰা দিবলৈ মই ফাগুনৰ মলয়া ন’হলো
সেয়ে, তোক লৈ আৰু কবিতা নিলিখো…

মোৰ বুকুত বলা তোৰ বসন্তৰ বতাহবোৰ
মই আনক চুবলৈ নিদিওঁ..
মোৰ কলিজাতে ফুলি ফুলি মৰহি যাওক..
মোৰ ভাৱনা-প্ৰদেশত তোৰ নামৰ কলপুলি আৰু নুপোতো
সেয়ে, তোক লৈ আৰু কবিতা নিলিখো…

আহিব এদিন সপোন কোঁৱৰ তোৰ অনামিকাত ধৰিবলৈ
বহাগৰ এটা শুভদিনত তোৰ দেহাত
মাহ-হালধিয়ে উপচি পৰিব….
অকনমান ৰঙা ৰঙে তোক মোৰ পৰা
বহু দূৰলৈ আঁতৰাই লৈ যাব..

আনৰ দৰে বুকুৰ ঢাকনি খুলি
তোৰ বুকুৰ পিৰালিৰ চুকত মই কান্দিব নোঁৱাৰো
সেয়ে, তোক লৈ আৰু কবিতা নিলিখো...

Gautam Kalita.
..................................

বাহীঁৰ সুৰ তোলা ছোৱালীজনী


তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
তোৰ লাহী আঙুলিৰ উচুপণিত
গভীৰ বিষাদ লৈ এখিলা এখিলাকৈ
গছ-বিৰিখৰ পৰা সৰি পৰে পাত
চিৰিলি কৃষ্ণচূড়াৰ তলত অহৰহ বৈ থাকে
চকুলোৰ অনল নদী


তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
তোৰ লাহী আঙুলিৰ উচুপণিত
লূণীয়া সাগৰ বৰফৰ বিষাদেৰে ভৰি পৰে
মৰা মাছৰ ঢেলা চকুত উপঙি থাকে বিষাদবোৰ
জোনাকে উচুপি উচুপি কান্দে
সাৰে থাকে সেমেকা ৰাতিৰ দিঘলীপুখুৰী


তই কিহৰ সুৰ তোল তোৰ লাহী আঙুলিত
সুখ নে দুখৰ...
জীৱন নে মৃত্যুৰ...
প্ৰেম নে প্ৰতাৰণাৰ..


নুতুলিবি তোৰ লাহী আঙুলিত সুৰৰ উচুপণি
নুসুনাবি তোৰ মৃত্যুৰ ধ্বনি
নেমাতিবি তোৰ উচুপণিৰ ধুমুহাজাকক....
তোৰ উচুপণিৰ ধুমুহাজাকে মোক
মৃত্যুৰ কাষলৈ উৰুৱায় লৈ যায়
কাৰণ, ধুমুহাৰ সতে মোৰ বহুযুগৰে শত্ৰুতা..

Gautam Kalita.
...................................

মৃত প্ৰেম



তেওঁ চিঙি লৈ গ'ল মোৰ হৃদয়ত
ফুলিবলৈ লোৱা ৰঙা গোলাপ পাহঁ
আগভেটি ধৰিব খোজা ঘন কোরলিৰ চায়াসনা
বাটচোঁরা নিৰৱতাত হাত বুলাই জোনাকে
প্ৰসাৰিত কৰিছিল ঘন ঘন আঙুলি..


এতিয়া...
ৰ'দবোৰ বিষাদ বিষাদ গোন্ধাইছে
দূপৰীয়াবোৰ হিংস্ৰ জন্ত্তৰ মাতেৰে
পাক খাই মোৰ হৃদয়ৰ খিৰিকীৰ মুখত ভিৰ কৰিছেহি
সিহঁতৰ সৈতে মই প্ৰাণ খুলি হাহিঁম..
হয়তো উচুপি উচুপি কান্দিম
চুম্বন কৰিম সিহঁতৰ মুখত থকা মৃত প্ৰেমৰ গোন্ধক...


সেমেকা বতাহ এজাকে মোৰ বুকুৰ ভিতৰখন কপাঁইছে
স্মৃতিৰ ধূলিত লুতুৰি মোৰ প্ৰেম
বতাহত বিলিন মোৰ শ্বাস প্ৰশ্বাসৰ আদিম বৰ্ণ
ওঠঁত ওঠঁ থৈ ইয়াতেই বাৰ্তালাপ কৰো মই
মৃত প্ৰেমৰ সৈতে......

Gautam Kalita

দুখ আৰু অপৰাধ


তুমি এৰি থৈ যোরা বাটত এতিয়া দুখৰ বৰষুণ
কবিতাৰ ভাষাৰে যদি মনত পেলাও
অশ্লিল হৈ পৰিব পাৰে প্ৰতিশ্ৰুতিবোৰ, হৃদয়ৰ ভাষাবোৰ
জোনাকবোৰ ইত্যাদি, ইত্যাদি....
তুমিয়ে কোরাচোন...
তোমাৰ হৃদয়ৰ কোনডাল ধমনিত প্ৰরেশ কৰিলে
ভালপোরাবোৰ নতুনকৈ আৰম্ভ হ'ব
হেপাঁহৰ কিমান বীজ হিছিঁলে ভালপোরাবোৰ বিশ্বাসলৈ পৰিণত হ'ব..
মাথো এডাল সাকোঁ গঢ়িছিঁলো ভালপোরাবোৰ যোৰা লগাবলৈ
হয়তো নেদেখা জনেও নাজানে তোমাৰ ভালপোরাৰ ৰং কি??


তোমাৰ স্মৃতিৰে এখন সুখৰ ডেরাল সাজিছিঁলো
কিন্তু কি কৰিম
ঠেং ভঙা দুখে চুচৰি চুচৰি কুটি কুটি খহাই দিলে মোৰ সুখৰ ডেরাল


এতিয়া মই টোপনিহীন হৈ পৰিঁছো
মোৰ হেপাঁহৰ ৰংবোৰক তুমি যেনেকৈ তুমি এদিন হৰন কৰিছিলা
ঠিক তেনেকৈ মইও এদিন হৰন কৰিম তোমাৰ হেপাঁহৰ স্মৃতিবোৰ


মই তোমাক আমনি কৰিম তেতিয়ালৈকে...
যেতিয়ালৈকে তুমি পঠিয়ায় নিদিয়া
সূৰোঁযৰ সকলো পোহৰ
সন্ধিয়া আকাশৰ তৰাৰ তিৰবিৰণি
হেৰুরা গানৰ সুৰ
ঠিক তেতিয়ালৈকে
এতিয়া দুখ আৰু অপৰাধবোধৰ কাহিনীৰে পাৰ কৰিছো
বিয়লিৰ নিৰস সময়....


Gautam Kalita
..........................................

দেউতা

বিধিৰ কি বিধান
সময়ে মাতি যায় সকলোকে এবাৰ এবাৰ



অচিনাকী এখন ৰথত উঠি তুমি গ’লাগৈ গুছি
এৰি থৈ গ’লা মাথো সোৱঁৰণি নামৰ এখিলা পাত
সময় তোমাৰ কাষত নাছিল নে
তুমি সময়ৰ
কথাষাৰ ভাবি মইও আজি সময়ৰ পকনিয়াত....



নীলগ্ৰীষ্মৰ এটি দূপৰীয়া, সেই কালিকা লগা বতাহজাকে
তুমি নথকাৰ খবৰ দি গৈছিল
মোৰ বুকুৰ পাতবোৰ ঠক্ ঠক্ কৈ কপিঁছিল
যেন শীতাৰ্ত নিশাবোৰহে বুকুলৈ নামিছিল..





তোমাৰ সূৱদী কঠ্ন নিগৰিবলৈ
চকুৰ উজ্জ্বলতা বিছাৰিবলৈ
খোজৰ শব্দ শুনিবলৈ
এতিয়া মই যাব লাগে সপোন দেশলৈ...



তোমাৰ নামতেই জলাওঁ শলিতা
তোমাকেই ভাৱি পাৰ কৰো শীতাৰ্ত সন্ধিয়া
তোমাৰ নামতেই লিখিছো কবিতা
তুমি যতেই আছা সদায় কুশলে থাকা
নেদেখাজনৰ ওচৰত মোৰ তাৰেই কামনা…





কবিতা কবিতা কবিতা



কবিতা কবিতা কবিতা
কেৱল কবিতা
কাৰোবাক লগ পালেই কবিতা
মাথো যতেই যাও তাতেই কবিতা
চাল্লা, আধাপাগলচব কৰবাৰ…



ইহতৰ পৰা পৃথিৱীত একো বস্ত্তৱেই
মুক্ত মনেৰে থাকিব নোৱাৰা হ’ল..
কৰ’বাত সৰা পাত এখিলা পৰিলেও কবিতা
কৃষ্ণছুড়া ৰঙা হৈ ফুলিলেও কবিতা
কি অদ্ভুত…..!!!



হেৰৌ. তঁহতৰ বাগিছাত ফুল ফলিব নোৱাৰা হ’ল
গাভৰুবোৰে চকুত কাজল সানিব নোৱাৰা হ’ল
আকাশ নীলা হবলৈ ভয় কৰা হ’ল…
আনকি বৰষুণজাকো বৰষুণ হৈ নামিব নোৱাৰা হ’ল
তহত আচলতে কবি নে কি….!!!!

কবিতা নামৰ বেমাৰটোৱে যে যেতিয়ায় তেতিয়ায়
তহতৰ মাজত উক্ দিয়ে…
কেলে, এই বেমাৰটোৰ কোনো দৰৱ বেজী নাই নেকি..!!!

Gautam Kalita.






No comments:

Post a Comment