Monday, February 1, 2010


টুকুৰা কবিতা
সাগৰৰ দৰে গভীৰ তোমাৰ নীলা দুচকুত
দেখা পাইছিলো অমূল্য মানিক
কিন্ত্ত, মোৰেই দুৰ্ভাগ্য
আজি সাগৰো সোকাল, মানিকো লোকাল…

আকাশ যদিও শুৱনি
তাত আছে মেঘৰ গাজনি
প্ৰেম যদিও মধুৰ
হিয়াত আছে বেদনা গধুৰ
জীৱন যদিও মধুৰ
ইয়াত আছে বিৰহ বেদনা অধিক….

কঠিন শিলাখণ্ডৰ মাজৰ মোৰ
নিস্ফাক হৃদয়ৰ বিলয় কোনে বুজিব
যাক সাপে কামোৰা নাই
সি বিষ কি বুজিব…..

মোৰ বাগিছাত ফুল হৈ ফুলিলা
মোৰ পদূলিত জোনাক হৈ নামিলা
ভালপোৱা ৰঙৰ কবিতা সিচিঁলা
অজানিতে কিয় মোৰ ডেউকা ভাঙিলা….

সিফালৰ শূন্যতাত ভাহি ৰলা তুমি
টানি ল’লা তোমাৰ ওৰনিখনি
বুকুখন এবাৰ চুই চালো
ভিতৰত প্ৰেমৰ অচিন ধপধপনি


তুমি এটা মিঠা ৰদালিৰ সুৱাস লৈ
আহিছিলা মোৰ কাষলৈ
মই হুমুনিয়াহৰ পাত বিচাৰি ফুৰিছিলো তোমাক
তুমি উঠিব দিছিলা এটা প্ৰেমৰ জখলাত
য’ত মই এখোপ উঠি দুখুপ পিচলি পৰিছিঁলো…

গৌতম কলিতা

2 comments:

  1. HGi This Is Narayan Karki From Guideassam.com if you are looking for a good plateform to sharing your poms then you can write here along with your name and Email.

    ReplyDelete