Monday, February 1, 2010


টুকুৰা কবিতা
১
সাগৰৰ দৰে গভীৰ তোমাৰ নীলা দুচকুত
দেখা পাইছিলো অমূল্য মানিক
কিন্ত্ত, মোৰেই দুৰ্ভাগ্য
আজি সাগৰো সোকাল, মানিকো লোকাল…

২
আকাশ যদিও শুৱনি
তাত আছে মেঘৰ গাজনি
প্ৰেম যদিও মধুৰ
হিয়াত আছে বেদনা গধুৰ
জীৱন যদিও মধুৰ
ইয়াত আছে বিৰহ বেদনা অধিক….

৩
কঠিন শিলাখণ্ডৰ মাজৰ মোৰ
নিস্ফাক হৃদয়ৰ বিলয় কোনে বুজিব
যাক সাপে কামোৰা নাই
সি বিষ কি বুজিব…..

৪
মোৰ বাগিছাত ফুল হৈ ফুলিলা
মোৰ পদূলিত জোনাক হৈ নামিলা
ভালপোৱা ৰঙৰ কবিতা সিচিঁলা
অজানিতে কিয় মোৰ ডেউকা ভাঙিলা….

৫
সিফালৰ শূন্যতাত ভাহি ৰলা তুমি
টানি ল’লা তোমাৰ ওৰনিখনি
বুকুখন এবাৰ চুই চালো
ভিতৰত প্ৰেমৰ অচিন ধপধপনি


৬
তুমি এটা মিঠা ৰদালিৰ সুৱাস লৈ
আহিছিলা মোৰ কাষলৈ
মই হুমুনিয়াহৰ পাত বিচাৰি ফুৰিছিলো তোমাক
তুমি উঠিব দিছিলা এটা প্ৰেমৰ জখলাত
য’ত মই এখোপ উঠি দুখুপ পিচলি পৰিছিঁলো…

গৌতম কলিতা

2 comments:

  1. HGi This Is Narayan Karki From Guideassam.com if you are looking for a good plateform to sharing your poms then you can write here along with your name and Email.

    ReplyDelete