
- নীলাঞ্জনা
কেতিয়া পিন্ধাম তোমাৰ অনামিকাত মোৰ হৃদয় দুবৰিৰ আঙুঠি...
- নীলাঞ্জনা
তুমি হাহিঁলে সাগৰে পাহৰি যায় সাগৰৰ ঠিকনা..
- নীলাঞ্জনা
নীলাঞ্জনা, মোৰ বুকুৰ অৰণ্যৰ তুমি সেই হৰিণীজনী..
- নীলাঞ্জনা
নকবলগীয়া কথাবোৰ তোমাক ক'ব বিছাৰো..
- নীলাঞ্জনা
মোৰ বুকুৰ শুৱনি কোঠাত তোমাৰ শব্দবোৰে ৰাতি ৰাতি ধেমালি খেলে...
- নীলাঞ্জনা
মোৰ কুৰিফুটীয়া বুকুত তুমিয়েই বাছিছিলা বহা'গৰ প্ৰথমখন গামোছা..
- নীলাঞ্জনা
সময়ে মাতি যায় সকলোকে এবাৰ এবাৰ...
- নীলাঞ্জনা
মোৰ সপোনবোৰ পাৰিজাত ফুলৰ দৰে
ৰাতি ফুলে..
- নীলাঞ্জনা
যি কথা কেতিয়াওঁ তোমাক কোৱা ন'হল
সেই কথা আজি নিজে নিজক কলো..
- নীলাঞ্জনা
হেপাহঁবোৰ উলমি আছে তোমাৰ স্মৃতিৰ উৰোনাত...
- নীলাঞ্জনা
তোমাৰ সপোনবোৰে মোৰ ভাৱনাপ্ৰদেশত সহবাস কৰে...
- নীলাঞ্জনা
তোমাৰ সুগন্ধি ৰ'দালীবোৰ মোৰ স্মৃতিৰ ৰুমালেৰ ঢাকি ৰাখিছো...
- নীলাঞ্জনা
নীলা চাদৰত সপোনবোৰ আকেঁ কোনে !!
~তুমি
সন্ধিয়াৰ কেকুৰীত মৰমৰ সুবাস বিলায় কোনে !!
~তুমি
শুৱনি কোঠাত প্ৰেমক মেৰিয়ায় ৰাখেঁ কোনে !1
~তুমি
প্ৰেমৰ বাটত প্ৰতাৰণাক বাধা দিব কোনে, মই নে তুমি !!
~আমি
- নীলাঞ্জনা
আকাশত মেঘ এচটাই ফেকুৰি থকা দেখি
সাগৰে সহবাস কৰিম বুলি ওৰেটো নিশা সাৰে আছিল.
ঠিক তেতিয়াই তোমাক..
মই ক'লো-সন্ধিয়াৰ আকাশত কোনে ভূমুকি মাৰে..!!
তুমি কলা- তোমাৰ শব্দবোৰে..
মই ক'লো-দুটি নয়নত বালিঘৰ সাজে কোনে..!!!
তুমি কলা-তোমাৰ মৰমবোৰে..
মই ক'লো- কোনে তোমাৰ মন আকাশত ৰামধেনু আকেঁ..!!
তুমি কলা- তোমাৰ হাহিঁবোৰে..
মই ক'লো- তোমাৰ ভাৱনাপ্ৰদেশত প্ৰেমৰ কলপুলি পোতে কোনে..!!
তুমি কলা- আমাৰ সপোনবোৰে..
- নীলাঞ্জনা
সেউজীয়া চাদৰ এখন মেৰিয়াই
হাহিঁ এটা ওঠত পিন্ধি তুমি আহি আছিলা.
দীঘলকৈ উশাহ এটা টানি তোমাক
মই ক'লো-আকাশৰ পৰা তৰা এটি হৈ তোমাৰ বুকুলৈ নামি আহিম নে আজি..
তুমি ক'লা- ফুলক ফুলিবলৈ জানো কাৰোবাৰ অনুমতি লাগে..!!
আকাশখনে হাহিঁলে...
মই ক'লো-তোমাৰ বুকুৰ পৃষ্ঠাত প্ৰথমবাৰৰ বাবে প্ৰেমৰ তিনিটা শব্দ লিখিম নে আজি..
তুমি ক'লা-চতৰ বতাহজাকত প্ৰথমবাৰৰ বাবে হৃদয় কপিছে আজি..!!
সময়ে বাগৰ সলালে..
মই ক'লো- দুচকুত উলমি থকা সাগৰ দুখনত সামুক বুটলিম নে আজি..
তুমি ক'লা-ভাৱনাবোৰ পুহি ৰখা সন্ধিয়াটোত জোনাক ফুলিব আজি..
সাগৰে প্ৰমৰ গীত জুৰিলে..
নীলাঞ্জনা
সপোন তেতিয়া দেখিবা নীলাঞ্জনা
যেতিয়া হৃদয় নামৰ হৃদয়খন
এদিন হৃদয়ৰ গলিত হেৰাই যাব..
সপোন তেতিয়া দেখিবা,
যেতিয়া মনআকাশত এদিন হুমুনিয়াহবোৰ উলমি থাকিব..
সপোন তেতিয়া দেখিবা,
যেতিয়া সম্পূৰ্ণ পৃথিৱীত এদিন অসম্পূৰ্ণ হৈ ৰবা তুমি..
সপোন তেতিয়া দেখিবা,
যেতিয়া প্ৰেমৰ আপেলবোৰ এদিন অপ্ৰেমৰ পুখুৰিত সৰি পৰিব..
সেইদিনা হয়তো নীলাঞ্জনা
তুমি মুখেৰে নকলেও মনেৰে ক'বা..
তোমালৈ বৰকৈ মনত পৰিছে আজি...