Monday, November 16, 2009

TUMAR GHRINA LANKAR RAVAN MOI..


Tumar joubonor furfuria xugondhot
Moi robo nuwari pakhila rup dharon kori
Suhibo dharisilu tumar premor renu..aru
Pakhila huar aporadhat tumi thekesi thekesi
Muk kori tulila tumar ghrina-lankar Rawan..

Tumiye tu asila mur bukur hiyapakhi-banmayuri
Tumar kohua kumal botah esatiye
Mur xaat xagoroloi juar ane
Tumar fuli utha dusakut mayabi nixa
Usupi uthibo khuje..
Tumar kukil kanthi xombudhanot lahor asse
Xeibabe hoitu mur xopunbure gupone gupone
Tumar logot xohobakh kore...

Apraptiye kidore nixa bukut nupur bojai
Tumi ki janiba..
Tumar kamonar bane kidore mur vabona-pradexor
Mothauri vangi dusira kore..~~
Aru nokoribo nu kiyo....!!!!

Tumak kune koisil- Kaminikanchan hoboloi
Tumak kune koisil- Monulubha hoboloi
Tumak kune koisil- Dakharathor xu-putri hoboloi(Sita)
Hoitu mur udonnda asoronburor babe
Tumar man-majulir RAAM moi noholu..

 Tumi voi nakhaba..
Najau moi akow xotru rup dharon kori
Tumar nixigondha nixaburoloi
Najau moi moi debota rup dharon kori
Tumar bukut ganga-jal sotiaboloi..
Tumi voi nakhaba...

Nalage fulibo tumar bukut mur rajanigandha
Nalage uribo tumar hiyat mur hriday potaka
Tumar ghrina lankar Rawan moi
Ujagori nixa xopun rosuta.....!!!

...............Gautam Kalita..............
Copyright Protected

তোমাৰ ঘৃণা লংকাৰ ৰাৱন মই


যৌবনে পূৰঠ কৰা তোমাৰ প্ৰেমৰ সুৱাস মই সহিব নোৱাৰি

পখিলা ৰূপ ধাৰণ কৰি চুহিছিলো তোমাৰ প্ৰেমৰ ৰেণু
আৰু পখিলা হোৱাৰ অপৰাধত তুমি থেকেছি মোক কৰি তুলিলা
তোমাৰ ঘৃণা লংকাৰ ৰাৱন


তুমিযেইটো আছিলা মোৰ বুকুৰ হিয়াপক্ষী-বনময়ুৰী


তোমাৰ কহুৱা কোমল বতাহ ছাতিয়ে মোৰ সাত সাগৰলৈ জোৱাৰ মাতে
তোমাৰ ফুলি উঠা দুচকুত মায়াৱী নিশা উচুপি উঠিব খোজে
তোমাৰ কুকিল কঠ্ণি সম্বোধনত লহৰ আছে
সেইবাবেই মোৰ সপোনবোৰে গোপনে গোপনে তোমাৰ লগত সহবাস কৰে..


অপ্ৰাপ্তিয়ে কিদৰে নিশা বুকুত নুপুৰ বজায়
তোমাৰ কামনাৰ বাণে কিদৰে মোৰ ভাৱনা-প্ৰদেশৰ
মঠিউৰি ভাঙি দুছিকা কৰে..
তুমি কি বুজিবা….
আৰু নকৰিবনো কিয়….
তোমাক কোনে কৈছিল-কামিনীকাঞ্চন হ’বলৈ
তোমাক কোনে কৈছিল-মনোলোভা হ’বলৈ
তোমাক কোনে কৈছিল-জনকৰ সূ-পুত্ৰী হ’বলৈ
হয়তো মোৰ উদণ্ড আচৰণবোৰৰ বাবে
তোমাৰ মন মাজুলীৰ ৰাম মই নহলো….


তুমি ভয় নাখাবা-
নাযাও মই শত্ৰু ৰূপ ধাৰণ কৰি
তোমাৰ নিশিগন্ধা নিশাবোৰলৈ
নাযাও মই দেৱতা ৰূপ ধাৰণ কৰি
তোমাৰ বুকুত গংগাজল চতিয়াবলৈ
তুমি ভয় নাখাবা…


নালাগে ফুলিব তোমাৰ বুকুত মোৰ ৰজনীগন্ধা
নালাগে উৰিব তোমাৰ হিয়াত মোৰ হৃদয় পতাকা..
তোমাৰ ঘৃণা লংকাৰ ৰাৱন মই
উজাগৰী নিশাৰ সপোন ৰচোতা….
গৌতম কলিতা






No comments:

Post a Comment